সৰুকালিৰ কথা, হাজোৰ ঘৰত আমাৰ সাতজনীয়া পৰিয়ালটো ৰজন জনাই থকা দিনৰ। মা-দেউতাৰ ওপৰি মোৰ দুজন দাদা আৰু দুজনী বাইদেউ, মই মাৰ পেটমচা সন্তান। ঘৰৰ সৰু কাৰণেই দাবি ধমকি বেছি খালেও, আদৰো পাইছিলো সকলোতকৈ বেছি। যিবোৰ কাৰণত ডাঙৰ কেইটাই আগতে মাৰ হাতত গৰু পিটন খাই পাইছে, একে ধৰণৰ ভুলত মোক সামান্য গালি দি সামৰি থোৱা হৈছিল। সেইকাৰণে চাগে মোৰ এটা অঁকৰা আদৰুৱা ভেম এটা গঢ়ি উঠিছিল। মই খাই ভাল নোপোৱা চবজি, জিকা বা মূলা জাতীয়, ভাতৰ পাতত দেখিলে ভেম পাতি খোৱা পাতৰ পৰা উঠি যাও। মায়ে আকৌ আলু বা কণী এটা ভাজি মোক ভাত খুৱাই। কেতিয়াবা আকৌ কিবা ভেমত গধূলি ৰোহ ঘৰত পৰি, খোৱা-লোৱা নকৰাকৈ টোপনিত লালকাল দিওঁ। মোৰ টোপনি ইমান গভীৰ (এতিয়াও) যে এবাৰ শুলে মোক জগোৱাৰ সাধ্য কাৰো নাই। পিছে মাজৰাতি ভোকত যেতিয়া সাৰ পাও, দেখো ভাত সাজ বিচনাৰ কাষতে বাঢ়ি থোৱা আছে। চুপচাপ খাই শুই থাকো। মেট্ৰিক দিয়ালৈ মই মাৰ কাষত শুইছিলো। তেতিয়া ঠাণ্ডাৰ দিনবোৰত বাকীবোৰক ভাল লেপকেইখন দি উঠি, দুখন পাতল কম্বল ৰৈ যায়। মায়ে সেইদুখন কম্বল হাতেৰে চিলাই এখন ডাঠ কম্বল কৰি লৈছিল। পুহ-মাঘৰ ঠাণ্ডাত, মাৰ হাতখন সাৱটি, সেই কম্বলখন লৈ মাৰা টোপনিত কিমান যে আমেজ আছিল, তাৰ বিৱৰণ দিব পৰাকৈ মই ভাষাৰ চহকী নহয় । গৰমৰ দিনবোৰ বৰ বেয়া পাইছিলো, তাতে আমাৰ গাওঁবোৰত গধূলি কাৰেণ্টৰ লুকাভাকু(এতিয়াও হাজোত কাৰেণ্ট প্ৰায়ে নাথাকে, কিন্তু ইনভাৰ্টাৰৰ কৃপাত অনুভৱ নহয়)। কাৰেণ্ট নথকা ৰাতিবোৰত, মাৰ ভাগৰতেই কিজানি, বিচনিখন চাৰি পাকমান মাৰিয়েই চকু টনাটনি কৰে। মই লাহেকৈ খোচ মাৰি দিলে আকৌ বিচিব লয়। তাহানিৰ সেই দিনবোৰত ৱাছিং মেচিন, ফ্ৰীজ, পানী উঠুৱা পাম্প ইত্যাদি ঘৰত নাছিল। ঘৰৰ সকলো কামৰ দায়িত্ব আছিল মাৰ। শিক্ষক দেউতাৰ সীমিত উপাৰ্জনত বন কৰা মানুহ ৰখাৰ বিলাসীকতাও সম্ভৱ নাছিল। কুৱাৰ পানী উঠাই কাপোৰ ধোঁৱা, বাচন ধোঁৱা, ৰন্ধা-বঢ়া কৰা, চোতাল-বাৰী চাফা ৰখা, ঘৰ মচা, টকা-পইচাৰ হিচাপ ৰখা ইত্যাদি সকলো কামৰ ওপৰিও গধূলি ল’ৰা-ছোৱালী কেইটাক পঢ়োৱাৰ দায়িত্বও আছিল মাৰ। দেউতা ইংৰাজীৰ শিক্ষক, ইংৰাজীখিনি শিকোৱাৰ বাদে বাকী চাবজেক্ট কেইটাৰ গুৰুভাৰ মাৰ মূৰত। পাঁচোটা ল’ৰা-ছোৱালী ডাঙৰ কৰাৰ কষ্ট, আজিৰ এটা বা দুটা সন্তানৰ উৎপাতত মুখ মেলি দিয়া আধুনিক অভিভাৱকৰ সপোনৰো অগচৰ। কিন্তু মায়ে পাৰিছিল, মাৰ দেহত যেন দহোটা হাতীৰ বল, সকলো বোজা টানিব পাৰিছিল।
আমি ল’ৰা-ছোৱালী কেইটা পঢ়া শুনাত একেবাৰে বেয়া নহ’লো, মেট্ৰিক পাছ কৰি এটা এটাকৈ চহৰৰ হোষ্টেলত থাকি পঢ়িব গুচি আহিলো। একেবাৰে শেষত যেতিয়া মই কলেজত ভৰি দিলোঁ , ঘৰখন উৰুঙা হ’ল। বাইদেউ দুজনী বিয়া হৈ আৰু দাদা দুজনে জীৱিকাৰ বাবে ঘৰ এৰি দূৰণি ঠিকনাৰ বাসী হ’ল । মইয়ো অটো কোম্পেনী এটাত চাকৰি পাই অসম এৰি তামিলনাডু উঠিলো। ঘৰত এতিয়া মা আৰু চাকৰিৰ পৰা অৱসৰ পোৱা মোৰ দেউতা। মাৰ দিনটোৰ কষ্টবোৰ কমিল। দাদায়ে চাকৰি পোৱাৰ পিছত ঘৰত ফ্ৰীজ, ৰঙীন টিভি, ৱাছিং মেচিন আহিল, মইও চাকৰি পোৱাৰ পিছত ইটো-সিটো বস্তু সুমুৱালো । কিন্তু এটা সময়ত পাঁচোটা ল’ৰা,-ছোৱালীৰ “মা” “মা” চিঞৰত আজৰি নোপোৱা মানুহজনীৰ এতিয়াৰ উদং মনটো পূৰ কৰিবলৈ আমি সামৰ্থ্যহীন। মাৰ ফুৰা-চকা কৰাৰ, নাতিকেইটাৰ লগত সময় কটোৱাৰ বৰ মন, কিন্তু হাজোৰ ঘৰৰ পৰা লৰচৰ হ’ব নোখোজা দেউতাৰ কাৰণে বহু সময়ত আহিব নোৱাৰে। কেতিয়াবা দেউতাৰ ওপৰত খং উঠিলে ফোন কৰি কয়- “বাপেৰৰ লগত নাথাকো, এইবাৰ আহিলে মোকো লৈ যাবি।” মুখেৰেহে কয়, কামটো নহয়। কিছুদিন আগতে পিছে মা আৰু দেউতা দুয়োজন চেন্নাই আহিছিল, মোৰ পত্নীৰ ডেলিভেৰিৰ ঠিক আগে আগে। নাৰ্ছিং হোমত মোৰ ল’ৰাৰ যতন যিমান মায়ে ল’লে, তামিল নাৰ্ছকেইজনীয়ে চাগে তাৰে এক শতাংশও লোৱা নাছিল। কেঁচুৱা লৈ চেন্নাইৰ ঘৰত ওভতাৰ পিছত মায়ে এদিন এনেয়ে ধেমালিৰ সুৰত ক’লে- “পোণাটো মোৰ লগত হাজোলৈ লৈ যাওঁ দে, তাতে ডাঙৰ কৰিম ।” মইও “হ’ব দে” বুলি ধেমালিৰে সামৰি থ’লো। কিন্তু মাৰ সেই ধেমালিৰ হাঁহিটোত কিমান যে শূন্যতা লুকাই আছিল, মই নুবুজাকৈ নাথাকিলো। কেঁচুৱাটো কোলাত লৈ কোৱা মাৰ কথাষাৰৰ আঁৰত যে আমাক হাজোৰ ঘৰত ডাঙৰ কৰা ক্ষণবোৰৰ স্মৃতি, সেইটো মায়ে খুলি নক’লেও ফুটি উঠিছিল। মা-দেউতা তিনিমাহ থাকি অসম গুচি গ’লগৈ। সদ্যহতে মোৰ পত্নী আৰু কেঁচুৱাও এতিয়া তাতে আছে। কেইটামান দিন হাঁহি-ফুৰ্তিত যাব। কিন্তু তাৰ পিছত আকৌ সেই উৰুঙা উৰুঙা চাৰি বেৰ। ভালৰো ভালখিনি সকলোকে বিলাই বিলাই অৱশেষত ৰিক্ত এখন হৃদয়। ভাবি দুখ লাগে ।
মোৰ মাৰ কথাবোৰ ভাবি থাকোতে আৰু এজনী মাৰ কথা মনলৈ আহিল । বিহাৰৰ সৰু গাঁও এখনৰ পৰা অহা মোৰ প্ৰাক্তন সহকৰ্মী এজনৰ বিধবা মাক। আর্মীত কাম কৰা দেউতাকজন মোৰ বন্ধু কেঁচুৱা থাকোতেই ঢুকাল। সাত- আঠবছৰ আগত, তামিলনাডুৰ হচুৰ চহৰত থাকোঁতে লগ পাইছিলো মহিলা গৰাকীক, সময়ৰ আঁচোৰ পৰা মানুহজনীৰ মুখৰ সৰল ভাবটো তেতিয়াও ম্লান হৈ যোৱা নাছিল। মোৰ সহকৰ্মীৰ কথাই কথাই গেঙেৰি মাৰি উঠা এটা স্বভাৱ, এদিন চুপাৰমাৰ্কেটত কিবা এটা কথাত মোৰ সন্মুখতে মাকক গেঙেৰি মাৰি উঠিল। হাঁহিমুখীয়া হোজা মানুহজনীৰ মুখখনে কান্দো কান্দো কৰিলে । কথাটোত মোৰো বেয়া লাগিল যদিও লোকৰ পাৰিবাৰিক কথাত মাত নিদিলো। মই চাকৰি সলাই হচুৰ এৰি চেন্নাই উঠা দিন হ’ল, কিন্তু ইমান দিনৰ পিছতো মানুহজনীৰ কন্দামুৱা মুখখন পাহৰিব পৰা নাই। যোৱা দেওবাৰে গ’ম পালো যে একমাত্ৰ ল’ৰাৰ চাকৰিৰ কাৰণে তামিলনাডুত বাস কৰিব অহা মাকজনী ল’ৰাৰ বিয়াৰ পিছত বিহাৰ গুচি গল। বিহাৰৰ সৰু গাওঁৰ সেই অকলশৰীয়া মাকজনীৰ কিদৰে যায় বাৰু দিনবোৰ, একমাত্ৰ পুতেকৰ চিন্তাত তেওঁৰ জানো টোপনি আহে? মোবাইলত মেচেজ টাইপ কৰিব নজনা বুঢ়ী মাকজনীয়ে পুতেকলৈ বুলি চিঠি লিখে নেকি? কথাবোৰ ভাবি কষ্ট পাওঁ। মই কোনো কবি নহয়, “মা” নামৰ কিছু অনুভৱ শব্দৰে বন্ধাৰ সার্থকতাও মোৰ নাই, তথাপি বিহাৰৰ মা গৰাকীৰ অনুভৱখিনিৰে নিলিখাকৈ নোৱাৰিলোঁ। প্ৰাৰ্থনা কৰোঁ “মা” নামৰ হৃদয়বোৰ যেন কেতিয়াও ৰিক্ত হ’বলগীয়া নহয়, ভগৱানে সকলো মাক সুখত ৰাখক।
~ বুঢ়ী আইৰ চিঠি~
মোৰ আঁচলৰ সোণ,
এইবেলি দেউতাৰাৰ তিথিত
যেনেতেনে ঘৰ আহিবি,
মোৰ হিয়াৰ জপনা খুলি
চোতালত ক্ষন্তেক জিৰাবি।
মই বাৰাণ্ডালৈ ঢপলিয়াই আহিম
ধপ ধপ তোৰ খোজৰ আলোড়নত এপলক জীয়াম,
চকুলোৰ বাট নেওচি তোক নয়নভৰি চাম।
ব্যস্ত তোৰ জীৱনত
কেতিয়া জানো লিখা আছে মোৰ হাতৰ এসাজ !
বোৱাৰীৰ এলেহুৱা চৰুত
অৱহেলিত হৈছে নেকি তোৰ ভোকৰ যতন?
এচি-ৰ বতাহত বিচাৰি পাইছনে
বাঁহৰ বিচনীৰ মৰম?
বেবেৰিবাঙ সংশয়বোৰ জোক হৈ কলিজাত লাগিল,
সংশয়বোৰক সুৰুঙা দিবলৈ
মোৰ হাতত এতিয়া বহু সময়
এতিয়া নাই স্কুল ফীজৰ নামত
দুপইচা গোটোৱাৰ সংঘৰ্ষ,
জিৰণি পৰত বুটাম লগাবলৈ
এতিয়া নাই তোৰ পুৰণি চোলা ।
এতিয়া মাথো জৰাজীৰ্ণ ঘৰৰ উকা বেৰত
মোৰ শূন্যতাৰ প্ৰতিধ্বনি।
মা মা বুলি কৰা দাবীবোৰৰ আশাত
বাটত চকু পাৰি ৰৈ আছো, নহাকৈ নাথাকিবি ।
– ইতি
তোৰ মা ।